শীতৰ দিনত
(পুলক জ্যোতি শৰ্মা)
শীতত ঠেৰেঙা লগা পৃথিৱীখনৰ
নিদাৰুণ ৰূপ দেখি
আকাশে চকুলো নিগৰালে ওৰেৰাতি
বগা চাদৰ মেলি ঢাকি থ’লে পৃথিৱীক উম দিবলৈ
চাদৰখনৰ ফাঁকেৰে তাৰ চিৰাচৰিত হাঁহিটি মাৰি
বেলিটোৱে ক’লে
আকৌ আহিব পচোৱাত উৰি ফুৰা দিন
আকৌ আহিব কুঁহিপাতৰ দিন ৷
********